RSS Amplifier

Asomiyapratidin : Latest Posts · Aug 23, 2026

ধুবুৰীত গঢ়ি উঠিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা

0
Sign in to vote or save

Asomiya Pratidin · Asomiyapratidin

ধুবুৰীত গঢ়ি উঠিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা

গো-ধন সৰবৰাহ কৰি থাকোতে দেওবাৰে পুৱতি নিশা আঠানি আৰক্ষীয়ে এক গোপন খবৰৰ ভিক্তিত অভিযান চলাই জহৰমুৰা আৰু আমবাৰী অঞ্চলত অভিযান চলাই ৯ টা চোৰাং গৰুসহ ৩ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়

author-image

New Update

ap web goru

ডিজিটেল সংবাদ, ধুবুৰী : শেহতীয়াকৈ বিটিচি চৰকাৰে বিটিচিৰ বিভিন্ন এলেকাত গো বজাৰ মুকলি কৰিছে। ইয়াৰ পাছতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ  মাজেৰে ধুবুৰীৰ গৌৰীপুৰৰ নদী পথৰে একাংশ গৰু বেপাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অবৈধভাৱে গো-ধন সৰবৰাহ কৰি থকাৰ খবৰ পোহৰলৈ আহিছে।

কেৱল ইমানেই নহয়, গো-ধন সৰবৰাহ কৰি থাকোতে দেওবাৰে পুৱতি নিশা আঠানি আৰক্ষীয়ে এক গোপন খবৰৰ ভিক্তিত অভিযান চলাই জহৰমুৰা আৰু আমবাৰী অঞ্চলত অভিযান চলাই ৯ টা চোৰাং গৰুসহ ৩ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী ৩জন ক্ৰমে ৰহিজ উদ্দীন, ৰূপচান আলী আৰু আজগৰ আলী। আঠানি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Read the original on asomiyapratidin.in

Comments

Nothing yet. Say the first thing.

    Sign in to join the conversation.