News source
Asomiyapratidin : Latest Posts RSS Feed
Subscribe: .rss .atom .json .md
Overdue Last read 6 hours ago · last published 6 hours ago · next check scheduled Last read 6 hours ago, longer than this feed's 1 hour schedule.
মুখ্য-পৃষ্ঠা অসম ৰাষ্ট্ৰীয় উত্তৰ-পূব গুৱাহাটী বিশেষ লেখা সম্পাদনা মেজ barpeta conclave 2024 dima hasao election 2021 general knowledge Latest articles ডিজিটেল ডেস্ক : ক্ৰিকেটক তেওঁ মনে প্ৰাণে ভালপায়। তাত কোনো সন্দেহ নাই। ক্ৰিকেটৰ প্ৰতি প্ৰবল ধাউতি, অসীম শ্ৰদ্ধা, একাগ্ৰতা আৰু নিষ্ঠাৰ বলতে আই পি এল তথা ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে। এইবোৰৰ উপৰিও তেওঁৰ হৃদয়ৰ কোনোবা এটা কোণত ঠাই দখল কৰি আছে ফুটবলে। ক্ৰিকেটৰ অনুশীলন বা খেলাৰ লগতে সৰুৰে পৰা তেওঁ ফুটবল চাই ডাঙৰ হৈছে। এটা বিশেষ ফুটবল ক্লাৱ হেনো তেওঁৰ বৰ প্ৰিয়। এগৰাকী ফুটবলাৰ…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল ডেস্ক : ছয়জনকৈ নাগা লোকক অপহৰণ কৰি সন্দেহযুক্ত কুকি সন্ত্ৰাসবাদী সংগঠনে হত্যা কৰাৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা লোকৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে অত্যধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে দিল্লী মেইতেই কো-অৰ্ডিনেটিং কমিটী চমুকৈ ডি এম চি চিয়ে। সংগঠনটোৱে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে। ডি এম চি চিৰ অভিযোগ…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ভাৰতীয় কৃষান সংঘৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঘিলামৰা ব্লক সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়। ঘিলামৰাৰ দেউলীয়া গাঁও পুথিভঁৰাল প্ৰাঙ্গনত এই উদ্দেশ্যে এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক নিৰঞ্জন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক সমিতিৰ সদস্য নগেন দত্তই। লখিমপুৰ জিলা সমিতিৰ সভাপতি শৈলেন দত্ত আৰু জিলা…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ, চিৰাং : ১৭ আগষ্ট ২০২৬ৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে লোকপিয়লৰ কাম। লোকপিয়লৰ এই এমহীয়া কামত বিশেষকৈ নিযুক্তি কৰা হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলক। লোকপিয়লৰ এই গুৰুত্বপূৰ্ণ কামত শিক্ষক- শিক্ষয়িত্ৰীসকলক নিয়োজিত কৰাৰ ফলত বিভিন্ন চৰকাৰী বিদ্যালয়সমূহত নিয়মিত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছিলে। শুকুৰবাৰে লোকপিয়লৰ কামত শিক্ষক শিক্ষয়িত্ৰী সকলক নিয়োজিত কৰাৰ…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত আৰক্ষীয়ে চলোৱা এক অভিযানত তিনিটাকৈ দুধৰ্ষ গৰু চোৰ আৰক্ষীৰ জালত পৰে। জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চলি থকা গৰু চুৰি কাৰ্যৰ লগত এই চক্ৰটো প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা গৰু চোৰ কেইটা ক্ৰমে ছিৰাজ আলী, ছাজিদ আলী আৰু ছাদিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি জামুগুৰি আৰক্ষীৰ এটা দলে অভিযান চলাই চক্ৰটোক আটক…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল ডেস্কঃ এখন ফটোৱে বহু কথাই নোকোৱাকৈ প্ৰকাশ কৰিব পাৰে ৷ সময়, সমাজ, সংস্কৃতি, পৰিৱেশৰ লগতে মানুহৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ মুহূৰ্ত এখন ফটোৱে নিৰ্মোহভাৱে দাঙি ধৰিব পাৰে । যিকোনো এটা বিষয়, এটা মুহূৰ্ত কেমেৰাৰ লেন্সত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত ফটোগ্ৰাফীৰ ভূমিকা অনস্বীকাৰ্য। যোৱা ১৯ আগষ্ট, বুধবাৰে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ আলোকচিত্ৰ প্ৰদৰ্শনী…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হয়বৰগাঁও হাইস্কুলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। নগাঁও-গুৱাহাটী পথৰ দাঁতিত তথা হয়বৰগাঁও আৰক্ষী চকীৰ সমীপত অৱস্থিত এইখন পুৰণি শিক্ষানুষ্ঠানৰ চৌহদ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জলমগ্ন হৈ পৰাত তীব্ৰ সংকটত পৰিছে শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। বৃহস্পতিবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত শুক্ৰবাৰে পুৱা বিদ্যালয়খনৰ চৌহদৰ লগতে…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ,চামগুৰিঃ চামগুৰিৰ ভগামূৰত এজন স্থানীয় লোকৰ বিৰুদ্ধে সৃষ্টি হৈছে চাঞ্চল্য । কেৱল ২,০০০ টকাৰ লেনদেনক কেন্দ্র কৰি বাবুল ইছলাম নামৰ লোকজনে কেইবাটাও পৰিয়ালৰ বাসগৃহত আক্ৰমণ চলাই লণ্ড-ভণ্ড কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগীৰ মতে, আইনুল হক নামৰ লোকজনৰ সৈতে বাবুল ইছলামৰ ২,০০০ টকাৰ এটা লেনদেন আছিল। সেই ধন ঘূৰাই বিচৰাক লৈয়েই দুয়োপক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ। অভিযোগ অনুসৰি,…
Aug 21, 2026 · Asomiya Pratidin
মৃদুল কুমাৰ সন্দিকৈ ১৯০৬ চনত এখন খাচী- ইংৰাজী অভিধান প্ৰকাশ পাইছিল। সেই অভিধানত প্ৰথম এটা খাচী শব্দ সংযোজন কৰা হৈছিল। শব্দটো আছিল- 'Dkhar'। তাৰ অৰ্থ লিখা হৈছিল এনেদৰে- outsider, foreigner । সেই শব্দটোকে পৰৱৰ্তী সময়ত তুচ্চ- তাচ্চিল্যৰূপত শ্বিলঙৰ আশে- পাশে ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল। মেঘালয়ৰ বাহিৰৰ পৰা বিশেষকৈ অসমৰ পৰা যোৱা লোকসকলক খাচী লোকসকলে বিদেশী বুলি আখ্যা দি ডখাৰ বুলি ঠাট্টা-মস্কৰা কৰে। এনে…
Aug 21, 2026 · মৃদুল কুমাৰ সন্দিকৈ
ডিজিটেল ডেস্কঃ যোৰাবাটত দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ।ৰাজপথত বাগৰি কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে মেঘালয়লৈ অহা-যোৱা কৰা পথ। বৰ্ণিহাট আৰু যোৰাবাট সংযোগী মুখ্য ৰাষ্ট্ৰীয় ঘাইপথটো দুয়োফালে বন্ধ হৈ পৰাৰ ফলত অসম আৰু মেঘালয়ৰ মাজত যাতায়াত ব্যৱস্থাত তীব্ৰ প্ৰভাৱ পৰিছে। পথটো বন্ধ হৈ পৰাৰ লগে লগে হাজাৰ হাজাৰ যাত্ৰী…
Aug 21, 2026 · Asomiya Pratidin
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ 'বন্দে মাতৰম'ৰ কেৱল প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্তক লৈ বিৰোধী দলটোক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। ভোটৰ ৰাজনীতিৰ বাবেই কংগ্ৰেছ 'নতুন মুছলিম লীগ'লৈ পৰিণত হৈছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে। বৃহস্পতিবাৰে 'এক্স'ত এটা পোষ্টত বিজেপি সভাপতিগৰাকীয়ে কয় যে 'ভাৰত মাতা'ৰ পবিত্ৰ আহ্বানৰ প্ৰতি এয়া অপমান। দেশৰ বাবে প্ৰাণ আহুতি দিয়া হাজাৰ…
Aug 20, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা ৰেচম বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে হাতীগড় গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এৰি, মুগা আৰু নুনী পলুৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত উন্নত আৰু বৈজ্ঞানিক পদ্ধতিৰে ৰেচম উৎপাদন বৃদ্ধি কৰাৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজক অৱগত কৰা হয়। পুৱা ১১.৩০ বজাত বন্তি প্ৰজ্বলনেৰে সভাৰ শুভাৰম্ভ কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে। ধেমাজি জিলা ৰেচম বিভাগৰ সহকাৰী…
Aug 20, 2026 · Asomiya Pratidin
গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ ঘটনা এজন যুৱকক ঘপিয়াই হত্যাৰ চেষ্টা কছাৰীবস্তিৰ নাইটেংগল হাস্পতালৰ সমীপত সংঘটিত এই ঘটনা দুৰ্বৃত্তই ডিঙিত ঘপিয়াই থৈ যায় যুৱকজনক ডিঙিত আঘাত লৈ হাস্পতাললৈ বুলি দৌৰে যুৱকজন প্রত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক
Aug 20, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ, শিলচৰঃ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত উদাৰবন্দ থানা এলেকাৰ গোসাইপুৰত এটা গোডামত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ আৰু টেবলেট জব্দ কৰে। অভিযান কালত আৰক্ষীয়ে Tটাস্কো প্লাছ ক'ডেইন কফ চিৰাপ ৪২ কাৰ্টন, ৱেনৰেক্স ক'ডেইন কফ চিৰাপ ৮০ কাৰ্টন আৰু ১৩০ টা ষ্ট্ৰিপ ট্ৰেমাডল কেপচুল জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, জব্দ কৰা ক'ডেইন…
Aug 20, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ, ডবকাঃ ডবকাত আজি ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা কলিম উদ্দিনৰ বিৰুদ্ধে AIUDF ৰ একাংশ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশবিৰোধী শ্লোগান দিয়াৰ অভিযোগ উত্থাপন কৰি AIUDFৰ নেতা-কৰ্মীসকলে ডবকা থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অভিযোগ অনুসৰি, প্ৰায় সাত বছৰ পূৰ্বে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত জমিয়তৰ উদ্যোগত হোজাই নীলবাগানত অনুষ্ঠিত এক…
Aug 20, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ, চৰাইদেউঃ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰাইদেউ জিলাৰ চিংল' পথাৰ অঞ্চলৰ বানপীড়িত ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। অসম শাখা ভাৰতীয় চাহ সন্থা (এবিটা)-ৰ উদ্যোগত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত চিংল' পথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পুৱা ৯ বজাৰ পৰা এই শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰত বানপীড়িত ৰাইজৰ বিনামূলীয়া স্বাস্থ্যপৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয়…
Aug 20, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ মৌ খোৱা আৰু কেঁকুৰী কছাৰী গাওঁত বৃহস্পতিবাৰে দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিয়লি পুনৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰবিল পথাৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। বৰবিল পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চৌখাম ঘাট গাঁওৰ পীতাম্বৰ গগৈ(৬৫) বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ সূত্ৰে জনোৱা মতে যোৱা ১৬ আগষ্টত…
Aug 20, 2026 · Asomiya Pratidin
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, সুৰক্ষা আৰু ভৰণ-পোষণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। 'পিতৃ-মাতৃ তথা জ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু কল্যাণ আইন, ২০০৭' (Maintenance and Welfare of Parents and Senior Citizens Act, 2007)ৰ অধীনত গঠিত ট্ৰাইবুনেলে জ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজন হ'লে সন্তান অথবা আত্মীয়ক ঘৰৰ পৰা বহিষ্কাৰৰ…
Aug 20, 2026 · Asomiya Pratidin
ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ " বৰ্তমান বিশ্বত ৭.১১২ টা মান ভাষা আছে। ৬৭ খন দেশৰ প্ৰধান ভাষা ৰূপে আৰু ২৭ খন দেখি দ্বিতীয় ভাষা হিচাপে ১১০ কোটিৰো অধিক মানুহে ইংৰাজী ভাষা কয়। হিন্দীভাষীৰ সংখ্যা প্ৰায় ৬০ কোটি ১৫ লাখ। অসমীয়া ভাষীৰ সংখ্যা লোকপিয়ল মতে কমি ১ কোটি ৪ লাখ মান হব। ২০১০ চনৰ এক সমীক্ষাত অসম সাহিত্য সভাৰ কৰ্মকৰ্তা ,১২৬ জন বিধায়ক , প্ৰাক্তন সাংসদ ,বিধায়ক ,প্ৰাক্তন আছু নেতা , অসমীয়া ভাষাৰ বিশিষ্ট…
Aug 20, 2026 · Asomiya Pratidin
মেঘালয়ৰ হিংসাত্মক ঘটনাক লৈ অসমৰ মুখ্যমন্ত্রীৰে বাৰ্তালাপ মেঘালয়ৰ মুখ্যমন্ত্রীৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ওভতাই অনা সন্দৰ্ভত আলোচনা বিষয়টোক লৈ দুয়ো ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ বৈঠকৰো পোষকতা কনৰাড চাংমাৰ দুয়ো ৰাজ্যৰ নাগৰিকক শান্তি-সম্প্রীতি আৰু সংযম বজাই ৰখাৰ আহ্বান মেঘালয় আৰু অসমৰ মাজত আছে সু-সম্পৰ্ক : কনৰাড চাংমা শীঘ্রে শান্তি আৰু সম্প্রীতি ওভতাই অনাৰ পোষকতা কনৰাড চাংমাৰ
Aug 20, 2026 · Asomiya Pratidin
← Prev ✦ Random Next → Visit ↗ Feed Kagi ↗