# general knowledge (news sources) — RSS Amplifier

Recent posts from the 1 feeds in the RSS Amplifier directory that cover general knowledge.

Page: <https://rssamplifier.com/topics/general-knowledge/news>  
Feed: <https://rssamplifier.com/topics/general-knowledge/news.md>

---

## [ধুবুৰীত গঢ়ি উঠিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা](https://www.asomiyapratidin.in/homepage/smugglers-arrested-with-cattle-in-gauripur-12420496)

_2026-08-23 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, ধুবুৰী : শেহতীয়াকৈ বিটিচি চৰকাৰে বিটিচিৰ বিভিন্ন এলেকাত গো বজাৰ মুকলি কৰিছে। ইয়াৰ পাছতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ মাজেৰে ধুবুৰীৰ গৌৰীপুৰৰ নদী পথৰে একাংশ গৰু বেপাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অবৈধভাৱে গো-ধন সৰবৰাহ কৰি থকাৰ খবৰ পোহৰলৈ আহিছে। কেৱল ইমানেই নহয়, গো-ধন সৰবৰাহ কৰি থাকোতে দেওবাৰে পুৱতি নিশা আঠানি আৰক্ষীয়ে এক গোপন খবৰৰ ভিক্তিত অভিযান চলাই জহৰমুৰা আৰু আমবাৰী অঞ্চলত অভিযান…

## [শিৱসাগৰৰ বানপীড়িত অঞ্চললৈ সাহায্য অভিযান...](https://www.asomiyapratidin.in/homepage/5-assam-bn-ncc-darrang-college-alumni-association-flood-relief-initiative-12420425)

_2026-08-23 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, শোণিতপুৰ : ৫ম অসম বেটেলিয়ন এন চি চি, দৰং কলেজৰ প্ৰাক্তন কেডেট সংস্থাৰ উদ্যোগত আৰু দৰং কলেজৰ বৰ্তমান এন চি চি ইউনিটৰ সহযোগত শিৱসাগৰৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে এক সাহায্য অভিযানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই অভিযানৰ অংশ হিচাপে ৫ জন প্ৰাক্তন এন চি চি কেডেট আৰু ৪ জন বৰ্তমানৰ এন চি চি কেডেটৰ এটা প্ৰতিনিধি দলে শিৱসাগৰৰ কমল চাপৰি অঞ্চললৈ বান সাহায্য অভিযানৰ বাবে ৰাওনা হয়। পুৱা ৫:৪৫…

## [মৰিসূতি অঞ্চলত স্বেচ্ছাসেৱী সংগঠনৰ চাফাই অভিযান...](https://www.asomiyapratidin.in/homepage/jamugurihat-news-today-12420378)

_2026-08-23 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ মৰিসূতি অঞ্চলত Gen one youth club নামৰ স্বেচ্ছাসেৱী সেৱী সংগঠনটোৰ উদ্যোগত দেওবাৰে এক চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অঞ্চলটোৰ মৰিসূতি ব্যৱসায় কেন্দ্ৰত আজি পুৱাই এই চাফাই অভিযানৰ কাৰ্য্যসুচীৰ ৰঙা ফিটা কাটি শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী ববন চাহুৱে । স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে হাতে হাতে দা, কোৰ আৰু ঝাড়ু আদি লৈ এই কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি…

## [কেৰেপ নকৰে বিভাগীয় নীতি! ডবকা CHCত নৱজাতকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি...](https://www.asomiyapratidin.in/homepage/hojai-news-hospital-12420248)

_2026-08-23 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ ভিতৰত অধিক সংখ্যক প্ৰসৱ সম্পন্ন হোৱা ডবকা সামূহিক চিকিৎসা কেন্দ্ৰত নৱজাতকৰ মৃত্যুৰ সংখ্যা বৃদ্ধিৰ অভিযোগে ব্যাপক উদ্বেগ সৃষ্টি কৰিছে। ইয়াৰ মাজতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াৰ পৰিদৰ্শনৰ পাছত চিকিৎসালয়খনৰ লেবাৰ ৰুমত কেজুৱেল কৰ্মী আৰু অনাৰাৰী কৰ্মচাৰীৰ দায়িত্ব পালনত নিষেধাজ্ঞা আৰোপ কৰি জাৰি কৰা কাৰ্যালয় আদেশক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ডবকা CHCৰ স্মাৰক নং…

## [গহপুৰত অগ্নিকাণ্ড, সাত খন ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত...](https://www.asomiyapratidin.in/homepage/gohpur-fire-news-12419865)

_2026-08-23 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ পুৰুপবাৰীত নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড । পুৰুপবাৰী চেন্টাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ফাৰ্মাচী , কম্পিউটাৰ প্ৰতিষ্ঠান , ফানিচিয়াৰ হাউচ , ইলেক্ট্ৰনিক প্ৰতিষ্ঠান,বুকষ্টলকে ধৰি ৭খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান জুইত জাহ গৈছে । গহপুৰ, বিহালী , বিশ্বনাথ ৰ পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি বহু সময়ৰ চেষ্টাৰ অন্তত জূই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । বৈদ্যুতিক শ্বাৰ্ট…

## [২২ফুট উচ্চতাৰ ভগৱান গণেশৰ প্ৰতিমা পৰি ২জনৰ মৃত্যু...](https://www.asomiyapratidin.in/homepage/mumbai-lord-ganesha-22-foot-tall-idol-in-bhuleshwar-suddenly-fall-2-people-dead-5-other-injured-12419836)

_2026-08-23 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্কঃ মুম্বাইত ২২ ফুট ওখ ভগৱান গণেশৰ প্ৰতিমা ভাগি পৰাৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৫ জন গুৰুতৰভাৱে আহত হয়। দক্ষিণ মুম্বাইৰ ভূলেশ্বৰ এলেকাৰ বলৰাম মাৰ্চেণ্ট ৰোড, কবুতৰখানা আৰু জয় অম্বে চকৰ ওচৰত এই ঘটনা সংঘটিত হৈছে। ভাইখলাৰ পৰা ভূলেশ্বৰত থকা মণ্ডপলৈ প্ৰতিমাভাগ আনি থকা সমদলৰ সময়ত, মণ্ডপ পোৱাৰ মাত্ৰ ৫০-৬০ মিটাৰ আগতেই প্ৰতিমা ভাগৰ ভাৰসাম্য…

## [বিদেশী বিতাড়ন আন্দোলনত নগাঁৱৰ বলিষ্ঠ সংগ্ৰামী ছাত্ৰ নেতা ভাস্কৰ শইকীয়া আৰু নাই...](https://www.asomiyapratidin.in/homepage/bhaskar-saikia-pass-away-news-12418869)

_2026-08-23 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্কঃ দুখৰ খবৰ। জীৱন নাট সামৰি গ'লগৈ বিদেশী বিতাড়ন আন্দোলনত নগাঁৱৰ বলিষ্ঠ সংগ্ৰামী ছাত্ৰ নেতা ভাস্কৰ শইকীয়া। নিশা ১২.৩০বজাত জিএনআৰচি দিছপুৰত শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই। তেওঁ ইহঃসংসাৰত ভাতৃ-পত্নী আৰু পুত্ৰ-কন্যাক এৰি থৈ গৈছে। চিকিৎসালয়ত যাৱতীয় কাম-কাজ সম্পন্ন হোৱাৰ পাছত তেওঁক নগাঁৱলৈ লৈ যোৱা হ'ব। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৫আগষ্ট, ২০২৬ত তেওঁক জিএনআৰচি দিছপুৰত ভৰ্তি কৰা হৈছিল। শইকীয়াৰ…

## [কৃষক-বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানত কৃষি-সঁজুলি বিতৰণ...](https://www.asomiyapratidin.in/homepage/at-the-farmer-scientist-interaction-program-agricultural-tools-were-distributed-12417336)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, বটদ্ৰৱা : অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্র, নগাঁও-চিলঙনিৰ উদ্যোগত সৰ্বভাৰতীয় মৰাপাট আৰু অন্য আঁহজাতীয় শস্যৰ আঁচনিৰ অধীনত শুক্ৰবাৰে জাজৰি-মাজগাঁৱৰ ৰাসথলীৰ নাট্যমন্দিৰত এখন কৃষক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে, কৃষকৰ অৰ্থনৈতিক দিশটি টনকিয়াল কৰাৰ উদ্দেশ্য আগত ৰাখি উক্ত আচনিৰ অধীনত উন্নত প্ৰণালীৰে মৰাপাট, সৰিয়হ, ধান, হালধি, কেঁচুসাৰ আদিৰ উৎপাদনৰ লগতে পশুপালনক সামৰি…

## [ৰুকাছেন মহাবিদ্যালয়ত "Books are for use" শীৰ্ষক অৰিয়েণ্টেশ্যন কাৰ্যসূচী সম্পন্ন...](https://www.asomiyapratidin.in/homepage/haoraghat-news-12417193)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলা কলীয়াঘাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰুকাছেন মহাবিদ্যালয়ত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনিৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত "Books are for use" শীৰ্ষক এক বিশেষ অৰিয়েণ্টেশ্যন কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হৈ যায়। শিক্ষাৰ্থীসকল যাতে কেৱল শ্ৰেণীকোঠাৰ শিক্ষাৰ মাজতে আৱদ্ধ নাথাকি গ্ৰন্থমুখী হয় আৰু অধ্যয়নৰ অভ্যাস গঢ়ি তোলে, তাৰ বাবেই মহাবিদ্যালয়…

## [ভোজখোৱাৰ পৰা গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী](https://www.asomiyapratidin.in/homepage/two-drugs-paddler-arrested-from-tezpur-12417182)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

তেজপুৰৰ ভোজখোৱাৰ পৰা গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী ৷ প্ৰায় ১০০ গ্ৰাম ব্ৰাউন চুগাৰসহ প্ৰায় ৮৬ টা ভৰ্তি কন্টেইনাৰ উদ্ধাৰ ৷ তেজপুৰ ভোজখোৱাৰ চাহাবউদ্দিন ওৰফে হনি ছিং আৰু আবু ছামাক গ্ৰেপ্তাৰ মহাভৈৰৱ আৰক্ষীৰ ৷

## [Trade Smarter With IBKR (Sponsored)](https://crawlproof.com/a/Nbj7L99oh1Wx)

_2026-08-22 · **Sponsored**_

Join Interactive Brokers through a referral and start investing with low-cost global access.

## [চি জে পিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ বিৰুদ্ধে এজাহাৰ...](https://www.asomiyapratidin.in/homepage/fir-registered-against-abhijeet-dipke-for-entering-govt-school-without-permission-threatening-teachers-12416667)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ লাতুৰ জিলাত ক'কৰোচ জনতা পাৰ্টি চমুকৈ চি জে পিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে । কোনো অনুমতি নোহোৱাকৈ এখন চৰকাৰী স্কুলত প্ৰৱেশ কৰা, চৰকাৰী কামত বাধা দিয়া আৰু শিক্ষকসকলক ভাবুকি দিয়াৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে । অভিযোগ অনুসৰি, দীপকে আৰু তেওঁৰ সতীৰ্থসকলে কোনো অনুমতি নোলোৱাকৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহি…

## [তেজপুৰত আছু আৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সংঘাত...](https://www.asomiyapratidin.in/homepage/abvp-vs-aasu-tezpur-news-12416615)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰত আছু আৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সংঘাত৷ তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ যাব নোৱাৰিব দৰং মহাবিদ্যালয়ৰ সমীপলৈ৷ তেজপুৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকক এই ভাবুকি দৰং মহাবিদ্যালয়ৰ আছু গোটৰ এজন সদস্যৰ৷ জনৈক কোচ উপাধিৰ আছু সদস্যজনে তেজপুৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকজনক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ৷ শনিবাৰে তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আছুৰ সদস্যৰ এই ব্যৱহাৰ আৰু প্ৰাণে…

## [ধুবুৰী আৰক্ষীৰ জালত ৪০ টাকৈ গো-ধন...](https://www.asomiyapratidin.in/homepage/dhubri-cattle-smuggling-12416513)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ধুবুৰী আৰক্ষীৰ জালত ৪০ টাকৈ গো-ধন। ধুবুৰীৰ চলাকুৰা পঞ্চম খণ্ড অঞ্চলৰ পৰা জব্দ কৰে গো-ধনসমূহ। ধুবুৰীৰ মাঝেৰ চৰ অঞ্চলৰ পৰা চোৰাংকৈ বাংলাদেশলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে ৪০ টাকৈ গো-ধন। গো-ধন সৰবৰাহকাৰীয়ে বাংলাদেশ অভিমুখে ব্ৰহ্মপুত্ৰ নদী পথেৰে ইঞ্জিন চালিত নাওৰে চোৰাংকৈ ৪০ টাকৈ গো-ধন লৈ যোৱাৰ সময়তে আৰক্ষীৰ এটা দলে অভিযান চলাই চলাকুৰা পঞ্চম খণ্ডত জব্দ কৰিবলৈ সক্ষম হয় গো-ধন সমূহ। আৰক্ষীয়ে ৪০ টাকৈ…

## [নতুন দিল্লীত এগ্ৰিষ্টেক আৰু আত্মনিৰ্ভৰশীলতা দাইল অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত কৃষিমন্ত্ৰী পীযুষ হাজৰীকা](https://www.asomiyapratidin.in/homepage/minister-pijush-hazarika-news-12416441)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, নতুন দিল্লী : অসমৰ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে নতুন দিল্লীৰ পুছাস্থিত ICAR Convention Centreত ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক (AgriStack) আৰু আত্মনিৰ্ভৰশীলতা দাইল অভিযান সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত এগ্ৰিষ্টেকৰ অধীনত কৃষক পৰিচয়…

## [গুৱাহাটী প্ৰেছ ক্লাৱত "মানুহৰ গান” শীর্ষক তথ্যচিত্ৰৰ ট্ৰেইলাৰ মুকলি...](https://www.asomiyapratidin.in/homepage/the-hum-of-humanity-documentary-12416390)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, গুৱাহাটী : এই ছেপ্টেম্বৰত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ চূড়ান্ত অনুষ্ঠান উদযাপনৰ বাবে অসমে প্রস্তুতি চলোৱাৰ সময়তে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে অসম আৰু বংগৰ বাহিৰৰ মানুহক ড০ হাজৰিকাৰ সৃষ্টিশীলতাৰ বিশালতাৰ বিষয়ে জনোৱাৰ লক্ষ্যৰে এখন বৈশিষ্ট্যপূর্ণ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। যাৰ মুখ্য লক্ষ্য হৈছে তেওঁৰ গীতৰ সামাজিক আৰু সামাজিক-ৰাজনৈতিক দায়বদ্ধতাৰ ওপৰত…

## [জামুগুৰিহাটত সন্ধানহীন যুৱক...](https://www.asomiyapratidin.in/homepage/breaking-news-jamugurihat-12416213)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

জামুগুৰিহাটৰ কুসুমটোলাৰ দীপাটোলা গাঁৱৰ এগৰাকী যুৱক সন্ধানহীন৷ শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ নাম মনোজ চেত্ৰী৷ জীয়া ভৰলী নদীৰ চকিঘাট দলঙৰ সমীপৰ গাইড বান্ধৰ ওপৰত উদ্ধাৰ যুৱকজনৰ স্কুটি, মানিবেগ৷ জীয়া ভৰলী নদীত জাপ দিয়াৰ সন্দেহ ৰাইজৰ৷ নদীখনৰ বুকুত SDRF বাহিনীৰ লোকেও চলালে অভিযান৷ ২ ঘন্টা ধৰি চলোৱা অভিযানৰ পাছতো নাপালে কোনো শুংসূত্ৰ৷ দেওবাৰে পুনৰ উদ্ধাৰকাৰী দলে অভিযান চলোৱাৰ সম্ভাৱনা৷

## [আৰু এনে ঘটনা নহয়...](https://www.asomiyapratidin.in/homepage/special-writing-on-assam-meghalaya-tense-by-rajarkhi-saharia-12415998)

_2026-08-22 · ৰাজৰ্ষি চহৰীয়া · Asomiyapratidin : Latest Posts_

ৰাজৰ্ষি চহৰীয়া ১৯ আগষ্ট, ২০২৬। শ্বিলঙত বহু কেইখন অসম পঞ্জীয়নভুক্ত বাহনত খাচী ছাত্ৰ সন্থাৰ একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল। এই আক্ৰমণত বহু কেইখন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি আহত হৈছিল বহু লোক। লগতে আক্ৰমণত আহত হৈছিল এটি শিশুও। এই ঘটনাৰ পাছত যোৰাবাটত অসমৰ কেব চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। তেওঁলোকে মেঘালয় পঞ্জীয়নভুক্ত বাহনসমূহ অসমত প্ৰৱেশ কৰাত বাধা দি বাহনসমূহ মেঘালয়লৈ ঘূৰাই পঠিয়ায়। কেৱল কেব…

## [মায়ঙত কিশোৰীক প্ৰেমৰ নামত অত্যাচাৰ, ৰঙাঘৰৰ আলহী হ’ল যুৱক…](https://www.asomiyapratidin.in/homepage/mayong-one-man-arrested-news-12416100)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ বুৰগাঁও গৰখীয়া ঢাপৰ এজন ২২ বছৰীয়া যুৱকে দিন-দুপৰতে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক প্ৰেমৰ নামত ৰাজপথত আগচি ধৰি অত্যাচাৰ চলাই শনিবাৰে ৰঙা ঘৰত সোমাবলগীয়া হয়। ঘটনা সন্দৰ্ভত মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন প্ৰসাদ তিৱাৰীৰ পৰা জানিব পৰা মতে, বুৰগাঁও পঞ্চায়তৰ দক্ষিণ গৰখীয়া ঢাপ গাঁৱৰ প্ৰনৱ বিশ্বাস নামৰ বি এ পাছ কৰা যুৱকজনে ওচৰৰে এগৰাকী দশম শ্ৰেণীৰ…

## [ভৈৰৱকুণ্ডত হাতী পোৱালী উদ্ধাৰ...](https://www.asomiyapratidin.in/homepage/elephant-calf-rescued-in-bhoirabkunda-12415921)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, ওদালগুৰি : শুকুৰবাৰে পুৱাৰ ভাগতে ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমন্তৱৰ্তী ভৈৰৱকুণ্ডত উদ্ধৰ হয় এটি বন্যহস্তীৰ পোৱালী। ভৈৰৱকুণ্ডস্থিত পৰিদৰ্শন বঙলাৰ এটি টেংকীৰ ভিতৰত পুৱাৰ ভাগত হাতীৰ পোৱালীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত ভৈৰৱকুণ্ড আৰক্ষীৰ লগতে বন বিভাগৰ দল উপস্থিত হয়। টেংকীত আৱদ্ধ হাতীৰ পোৱালীটোক স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীয়ে বন বিভাগ আৰু…

## [কুমাৰ ভাস্কৰ নাট্য- মন্দিৰত শিক্ষাবিদ ড০ হিতেশ ডেকাৰ দুখন গ্ৰন্থ উন্মোচন](https://www.asomiyapratidin.in/homepage/dr-hitesh-dekas-two-books-unveiled-12415773)

_2026-08-22 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্ক : তেখেতৰ নাই কোনো ভেম বা অহংকাৰ ! কথাবোৰো বৰ সৰল। মৌনতাই তেওঁৰ প্ৰতিবাদৰ ভাষা। আজিও বুকুত আটোমটোকাৰীকৈ ৰাখিছে পঢ়ি অহা বিদ্যালয়খনৰ স্মৃতি। পাহৰা নাই তেওঁ পূব কামৰূপ মহাবিদ্যালয়ৰ সেই সোণালী অতীত। আজিও তেওঁ কলেজীয়া দিনৰ স্মৃতি সুঁৱৰি হৈ পৰে নষ্টালজিক। সম্প্ৰতি তেওঁ নগাঁও বিশ্ববিদ্যাবিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত এগৰাকী ব্যক্তি। সেয়ে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তেওঁ আয়োজন কৰা এই বিশেষ…

## [Follow Releases, Get Reminders (Sponsored)](https://crawlproof.com/a/Sl8ZoWGYIsyG)

_2026-08-22 · **Sponsored**_

Follow a genre or a name and receive reminders on release day — free.

## [ধৰ্ণা সামৰিলে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে](https://www.asomiyapratidin.in/homepage/rahul-gandhi-ends-sit-in-with-pellet-gun-victim-after-cops-file-fir-12409298)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্ক : । দিল্লীৰ সংসদ মাৰ্গ আৰক্ষী থানাৰ বাহিৰত পেলেট গানত আহত হোৱা যুৱক সাহিল লোচাবৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ দাবীত ৰাহুল গান্ধীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। উল্লেখ্য যে, ২১ আগষ্টৰ পুৱা সাহিল লোচাব আৰু তেওঁৰ মাতৃক লগত লৈ ৰাহুল গান্ধী প্ৰথমে মন্দিৰ মাৰ্গ আৰক্ষী থানালৈ গৈছিল। অভিযোগ অনুসৰি, ২০ জুলাইত যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত সাহিল পেলট গানৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল। পিছত…

## [শিলচৰত‌ ৭০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ](https://www.asomiyapratidin.in/homepage/silchar-news-12409241)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, শিলচৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত শিলচৰ সোণাই ৰোডত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে। দক্ষিণ কৃষ্ণপুৰ গাঁৱৰ ৰহিমৰ দোকান এলেকাৰ এটা ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে ৭ টা পেকেটত ৭০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা ৭০ হাজাৰ টেবলেটৰ ওজন ৭.৬…

## [বৰপেটা-বজালী জিলা অধিবিদ্যা পৰিষদৰ আৰ্থিক সাহায্য প্ৰদান...](https://www.asomiyapratidin.in/homepage/barpeta-news-12408986)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, চৰাইদেউ : শেহতীয়াকৈ হোৱা প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে বৰপেটা আৰু বজালী জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত শুকুৰবাৰে আৰ্থিক সাহায্য প্ৰদানৰ এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক চমু অনুষ্ঠানত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাখন উচ্চ মাধ্যমক…

## [অসম- মেঘালয় সংঘাত : অতি সোনকালে পৰিবেশ স্বাভাৱিক হ'ব...](https://www.asomiyapratidin.in/homepage/jananta-mallabarua-at-hajo-12408925)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, হাজো : তীৰ্থনগৰী হাজোৰ পাঁচগাঁও আৰু গেৰুৱাৰ শ্ৰীশ্ৰী মা মনসা পূজাত শুকুৰবাৰে উপস্থিত হয় বিত্ত আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । মন্ত্ৰীগৰাকীক সংগ দিয়ে হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। মন্ত্ৰীগৰাকী উপস্থিত হৈ মা মনসাৰ শ্ৰী চৰণত সেৱা জনাই সকলোৰে কুশল-মঙ্গল কামনা কৰে । মেঘালয় আৰু অসমৰ সংঘাতৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এটা ভুল বুজাবুজিক…

## [ৰিয়ানে বৰ সুন্দৰকৈ ক'লে : কাৰ খেল চাই তেওঁ ডাঙৰ হৈছে...](https://www.asomiyapratidin.in/homepage/riyan-parag-names-manchester-united-as-favourite-club-praises-ronaldo-12408639)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্ক : ক্ৰিকেটক তেওঁ মনে প্ৰাণে ভালপায়। তাত কোনো সন্দেহ নাই। ক্ৰিকেটৰ প্ৰতি প্ৰবল ধাউতি, অসীম শ্ৰদ্ধা, একাগ্ৰতা আৰু নিষ্ঠাৰ বলতে আই পি এল তথা ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে। এইবোৰৰ উপৰিও তেওঁৰ হৃদয়ৰ কোনোবা এটা কোণত ঠাই দখল কৰি আছে ফুটবলে। ক্ৰিকেটৰ অনুশীলন বা খেলাৰ লগতে সৰুৰে পৰা তেওঁ ফুটবল চাই ডাঙৰ হৈছে। এটা বিশেষ ফুটবল ক্লাৱ হেনো তেওঁৰ বৰ প্ৰিয়। এগৰাকী ফুটবলাৰ…

## [ছয় নাগাৰ ন্যায় বিচাৰি প্ৰতিবাদ : নিৰাপত্তাৰক্ষীৰ কাণ্ডক গৰিহণা ডি এম চি চিৰ...](https://www.asomiyapratidin.in/homepage/dmcc-condemns-force-against-protesters-seeking-justice-for-six-naga-civilians-12408498)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্ক : ছয়জনকৈ নাগা লোকক অপহৰণ কৰি সন্দেহযুক্ত কুকি সন্ত্ৰাসবাদী সংগঠনে হত্যা কৰাৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা লোকৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে অত্যধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে দিল্লী মেইতেই কো-অৰ্ডিনেটিং কমিটী চমুকৈ ডি এম চি চিয়ে। সংগঠনটোৱে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে। ডি এম চি চিৰ অভিযোগ…

## [ভাৰতীয় কৃষান সংঘৰ ঘিলামৰা ব্লক সমিতি গঠন](https://www.asomiyapratidin.in/homepage/formation-of-the-ghilamara-block-committee-of-the-indian-farmers-association-12408410)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ভাৰতীয় কৃষান সংঘৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঘিলামৰা ব্লক সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়। ঘিলামৰাৰ দেউলীয়া গাঁও পুথিভঁৰাল প্ৰাঙ্গনত এই উদ্দেশ্যে এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক নিৰঞ্জন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক সমিতিৰ সদস্য নগেন দত্তই। লখিমপুৰ জিলা সমিতিৰ সভাপতি শৈলেন দত্ত আৰু জিলা…

## [লোকপিয়লৰ কামত শিক্ষক-শিক্ষয়িত্ৰী নিয়োগ : দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ](https://www.asomiyapratidin.in/homepage/chirang-protest-12408326)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, চিৰাং : ১৭ আগষ্ট ২০২৬ৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে লোকপিয়লৰ কাম। লোকপিয়লৰ এই এমহীয়া কামত বিশেষকৈ নিযুক্তি কৰা হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলক। লোকপিয়লৰ এই গুৰুত্বপূৰ্ণ কামত শিক্ষক- শিক্ষয়িত্ৰীসকলক নিয়োজিত কৰাৰ ফলত বিভিন্ন চৰকাৰী বিদ্যালয়সমূহত নিয়মিত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছিলে। শুকুৰবাৰে লোকপিয়লৰ কামত শিক্ষক শিক্ষয়িত্ৰী সকলক নিয়োজিত কৰাৰ…

## [আৰক্ষীৰ জালত তিনি দুধৰ্ষ গৰু চোৰ...](https://www.asomiyapratidin.in/homepage/three-bold-cow-thieves-caught-in-the-forest-guards-trap-12408138)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত আৰক্ষীয়ে চলোৱা এক অভিযানত তিনিটাকৈ দুধৰ্ষ গৰু চোৰ আৰক্ষীৰ জালত পৰে। জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চলি থকা গৰু চুৰি কাৰ্যৰ লগত এই চক্ৰটো প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা গৰু চোৰ কেইটা ক্ৰমে ছিৰাজ আলী, ছাজিদ আলী আৰু ছাদিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি জামুগুৰি আৰক্ষীৰ এটা দলে অভিযান চলাই চক্ৰটোক আটক…

## [৭০ গৰাকী আলোকচিত্ৰ শিল্পীক চেৰ পেলাই অৰ্জন শ্ৰেষ্ঠত্বৰ খিতাপ...](https://www.asomiyapratidin.in/homepage/outshining-70-photographers-arjan-earned-the-title-of-best-12408054)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্কঃ এখন ফটোৱে বহু কথাই নোকোৱাকৈ প্ৰকাশ কৰিব পাৰে ৷ সময়, সমাজ, সংস্কৃতি, পৰিৱেশৰ লগতে মানুহৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ মুহূৰ্ত এখন ফটোৱে নিৰ্মোহভাৱে দাঙি ধৰিব পাৰে । যিকোনো এটা বিষয়, এটা মুহূৰ্ত কেমেৰাৰ লেন্সত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত ফটোগ্ৰাফীৰ ভূমিকা অনস্বীকাৰ্য। যোৱা ১৯ আগষ্ট, বুধবাৰে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ আলোকচিত্ৰ প্ৰদৰ্শনী…

## [Stop CI/CD & Supply-Chain Attacks (Sponsored)](https://crawlproof.com/a/eoy1dG8P7YgW)

_2026-08-21 · **Sponsored**_

Per-PR: 17 CI/CD checks and package malware scans with inline Check Run findings.

## [এজাক বৰষুণতে জলমগ্ন হয়বৰগাঁও হাইস্কুল](https://www.asomiyapratidin.in/homepage/nagaons-70-year-old-haiborgaon-high-school-falls-victim-to-artificial-flood-12407931)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হয়বৰগাঁও হাইস্কুলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। নগাঁও-গুৱাহাটী পথৰ দাঁতিত তথা হয়বৰগাঁও আৰক্ষী চকীৰ সমীপত অৱস্থিত এইখন পুৰণি শিক্ষানুষ্ঠানৰ চৌহদ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জলমগ্ন হৈ পৰাত তীব্ৰ সংকটত পৰিছে শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। বৃহস্পতিবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত শুক্ৰবাৰে পুৱা বিদ্যালয়খনৰ চৌহদৰ লগতে…

## [২ হাজাৰ টকাৰ লেনদেনক লৈ উত্তপ্ত পৰিস্থিতি](https://www.asomiyapratidin.in/homepage/2000-transaction-in-heated-situation-12407782)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ,চামগুৰিঃ চামগুৰিৰ ভগামূৰত এজন স্থানীয় লোকৰ বিৰুদ্ধে সৃষ্টি হৈছে চাঞ্চল্য । কেৱল ২,০০০ টকাৰ লেনদেনক কেন্দ্র কৰি বাবুল ইছলাম নামৰ লোকজনে কেইবাটাও পৰিয়ালৰ বাসগৃহত আক্ৰমণ চলাই লণ্ড-ভণ্ড কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগীৰ মতে, আইনুল হক নামৰ লোকজনৰ সৈতে বাবুল ইছলামৰ ২,০০০ টকাৰ এটা লেনদেন আছিল। সেই ধন ঘূৰাই বিচৰাক লৈয়েই দুয়োপক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ। অভিযোগ অনুসৰি,…

## [আমি কি ডখাৰ...](https://www.asomiyapratidin.in/homepage/special-writing-by-mridul-kumar-handique-on-shillong-12407755)

_2026-08-21 · মৃদুল কুমাৰ সন্দিকৈ · Asomiyapratidin : Latest Posts_

মৃদুল কুমাৰ সন্দিকৈ ১৯০৬ চনত এখন খাচী- ইংৰাজী অভিধান প্ৰকাশ পাইছিল। সেই অভিধানত প্ৰথম এটা খাচী শব্দ সংযোজন কৰা হৈছিল। শব্দটো আছিল- 'Dkhar'। তাৰ অৰ্থ লিখা হৈছিল এনেদৰে- outsider, foreigner । সেই শব্দটোকে পৰৱৰ্তী সময়ত তুচ্চ- তাচ্চিল্যৰূপত শ্বিলঙৰ আশে- পাশে ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল। মেঘালয়ৰ বাহিৰৰ পৰা বিশেষকৈ অসমৰ পৰা যোৱা লোকসকলক খাচী লোকসকলে বিদেশী বুলি আখ্যা দি ডখাৰ বুলি ঠাট্টা-মস্কৰা কৰে। এনে…

## [প্ৰতিবাদত স্তব্ধ বৰ্ণিহাট-যোৰাবাট পথ...](https://www.asomiyapratidin.in/homepage/byrnihat-jorabat-road-blocked-from-both-sides-authorities-issue-traffic-diversion-advisory-12407549)

_2026-08-21 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্কঃ যোৰাবাটত দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ।ৰাজপথত বাগৰি কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে মেঘালয়লৈ অহা-যোৱা কৰা পথ। বৰ্ণিহাট আৰু যোৰাবাট সংযোগী মুখ্য ৰাষ্ট্ৰীয় ঘাইপথটো দুয়োফালে বন্ধ হৈ পৰাৰ ফলত অসম আৰু মেঘালয়ৰ মাজত যাতায়াত ব্যৱস্থাত তীব্ৰ প্ৰভাৱ পৰিছে। পথটো বন্ধ হৈ পৰাৰ লগে লগে হাজাৰ হাজাৰ যাত্ৰী…

## [‘নতুন মুছলিম লীগ’ লৈ পৰিণত হৈছে কংগ্ৰেছঃ নীতিন নবীন](https://www.asomiyapratidin.in/homepage/new-muslim-league-bjp-national-president-slams-congress-12400436)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ 'বন্দে মাতৰম'ৰ কেৱল প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্তক লৈ বিৰোধী দলটোক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। ভোটৰ ৰাজনীতিৰ বাবেই কংগ্ৰেছ 'নতুন মুছলিম লীগ'লৈ পৰিণত হৈছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে। বৃহস্পতিবাৰে 'এক্স'ত এটা পোষ্টত বিজেপি সভাপতিগৰাকীয়ে কয় যে 'ভাৰত মাতা'ৰ পবিত্ৰ আহ্বানৰ প্ৰতি এয়া অপমান। দেশৰ বাবে প্ৰাণ আহুতি দিয়া হাজাৰ…

## [ধেমাজিত ৰেচম উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে সজাগতা সভা, নুনী গছৰ পুলি বিতৰণ](https://www.asomiyapratidin.in/homepage/awareness-meeting-to-increase-silk-production-in-dhemaji-12400417)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা ৰেচম বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে হাতীগড় গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এৰি, মুগা আৰু নুনী পলুৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত উন্নত আৰু বৈজ্ঞানিক পদ্ধতিৰে ৰেচম উৎপাদন বৃদ্ধি কৰাৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজক অৱগত কৰা হয়। পুৱা ১১.৩০ বজাত বন্তি প্ৰজ্বলনেৰে সভাৰ শুভাৰম্ভ কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে। ধেমাজি জিলা ৰেচম বিভাগৰ সহকাৰী…

## [মহানগৰীৰ ৰাজপথত এজন যুৱকক ঘপিয়াই হত্যাৰ চেষ্টা](https://www.asomiyapratidin.in/homepage/city-news-breaking-12400409)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ ঘটনা এজন যুৱকক ঘপিয়াই হত্যাৰ চেষ্টা কছাৰীবস্তিৰ নাইটেংগল হাস্পতালৰ সমীপত সংঘটিত এই ঘটনা দুৰ্বৃত্তই ডিঙিত ঘপিয়াই থৈ যায় যুৱকজনক ডিঙিত আঘাত লৈ হাস্পতাললৈ বুলি দৌৰে যুৱকজন প্রত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক

## [কাছাৰত ২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দঃ গ্ৰেপ্তাৰ ১জন লোক](https://www.asomiyapratidin.in/homepage/cachar-police-arrest-1-udharband-12400377)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, শিলচৰঃ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত উদাৰবন্দ থানা এলেকাৰ গোসাইপুৰত এটা গোডামত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ আৰু টেবলেট জব্দ কৰে। অভিযান কালত আৰক্ষীয়ে Tটাস্কো প্লাছ ক'ডেইন কফ চিৰাপ ৪২ কাৰ্টন, ৱেনৰেক্স ক'ডেইন কফ চিৰাপ ৮০ কাৰ্টন আৰু ১৩০ টা ষ্ট্ৰিপ ট্ৰেমাডল কেপচুল জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, জব্দ কৰা ক'ডেইন…

## [সাত বছৰ পুৰণি ভিডিঅ’ক কেন্দ্ৰ কৰি AIUDF–জমিয়তৰ মাজত সংঘাত](https://www.asomiyapratidin.in/homepage/doboka-aiudf-protest-12400350)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, ডবকাঃ ডবকাত আজি ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা কলিম উদ্দিনৰ বিৰুদ্ধে AIUDF ৰ একাংশ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশবিৰোধী শ্লোগান দিয়াৰ অভিযোগ উত্থাপন কৰি AIUDFৰ নেতা-কৰ্মীসকলে ডবকা থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অভিযোগ অনুসৰি, প্ৰায় সাত বছৰ পূৰ্বে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত জমিয়তৰ উদ্যোগত হোজাই নীলবাগানত অনুষ্ঠিত এক…

## [চৰাইদেউত বানপীড়িতৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ](https://www.asomiyapratidin.in/homepage/free-health-camp-for-flood-victims-in-charideo-12400245)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, চৰাইদেউঃ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰাইদেউ জিলাৰ চিংল' পথাৰ অঞ্চলৰ বানপীড়িত ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। অসম শাখা ভাৰতীয় চাহ সন্থা (এবিটা)-ৰ উদ্যোগত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত চিংল' পথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পুৱা ৯ বজাৰ পৰা এই শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰত বানপীড়িত ৰাইজৰ বিনামূলীয়া স্বাস্থ্যপৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয়…

## [ঢকুৱাখনাত একেদিনাই উদ্ধাৰ ৩টা মৃতদেহ](https://www.asomiyapratidin.in/homepage/dhakuwakhon-ghilamora-pitambar-gogoi-12400230)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ মৌ খোৱা আৰু কেঁকুৰী কছাৰী গাওঁত বৃহস্পতিবাৰে দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিয়লি পুনৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰবিল পথাৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। বৰবিল পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চৌখাম ঘাট গাঁওৰ পীতাম্বৰ গগৈ(৬৫) বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ সূত্ৰে জনোৱা মতে যোৱা ১৬ আগষ্টত…

## [উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ অৱহেলিত পিতৃ-মাতৃয়ে ঘৰৰ পৰা বহিষ্কাৰ কৰিব পাৰিব সন্তানক](https://www.asomiyapratidin.in/homepage/children-can-be-evicted-from-parents-property-to-protect-elderly-supreme-court-12400189)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, সুৰক্ষা আৰু ভৰণ-পোষণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। 'পিতৃ-মাতৃ তথা জ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু কল্যাণ আইন, ২০০৭' (Maintenance and Welfare of Parents and Senior Citizens Act, 2007)ৰ অধীনত গঠিত ট্ৰাইবুনেলে জ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজন হ'লে সন্তান অথবা আত্মীয়ক ঘৰৰ পৰা বহিষ্কাৰৰ…

## [ভোটাই গাঁৱত নগাঁও জিলা সাহিত্য সভাৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন](https://www.asomiyapratidin.in/homepage/uriagaon-sahitya-sabha-news-12399974)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ " বৰ্তমান বিশ্বত ৭.১১২ টা মান ভাষা আছে। ৬৭ খন দেশৰ প্ৰধান ভাষা ৰূপে আৰু ২৭ খন দেখি দ্বিতীয় ভাষা হিচাপে ১১০ কোটিৰো অধিক মানুহে ইংৰাজী ভাষা কয়। হিন্দীভাষীৰ সংখ্যা প্ৰায় ৬০ কোটি ১৫ লাখ। অসমীয়া ভাষীৰ সংখ্যা লোকপিয়ল মতে কমি ১ কোটি ৪ লাখ মান হব। ২০১০ চনৰ এক সমীক্ষাত অসম সাহিত্য সভাৰ কৰ্মকৰ্তা ,১২৬ জন বিধায়ক , প্ৰাক্তন সাংসদ ,বিধায়ক ,প্ৰাক্তন আছু নেতা , অসমীয়া ভাষাৰ বিশিষ্ট…

## [শীঘ্রে অসম-মেঘালয়ৰ মাজত শান্তি-সম্প্রীতি ওভতাই অনাৰ পোষকতা কনৰাড চাংমাৰ](https://www.asomiyapratidin.in/homepage/conrad-changmas-conversation-with-himanta-biswa-sharma-12400065)

_2026-08-20 · Asomiya Pratidin · Asomiyapratidin : Latest Posts_

মেঘালয়ৰ হিংসাত্মক ঘটনাক লৈ অসমৰ মুখ্যমন্ত্রীৰে বাৰ্তালাপ মেঘালয়ৰ মুখ্যমন্ত্রীৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ওভতাই অনা সন্দৰ্ভত আলোচনা বিষয়টোক লৈ দুয়ো ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ বৈঠকৰো পোষকতা কনৰাড চাংমাৰ দুয়ো ৰাজ্যৰ নাগৰিকক শান্তি-সম্প্রীতি আৰু সংযম বজাই ৰখাৰ আহ্বান মেঘালয় আৰু অসমৰ মাজত আছে সু-সম্পৰ্ক : কনৰাড চাংমা শীঘ্রে শান্তি আৰু সম্প্রীতি ওভতাই অনাৰ পোষকতা কনৰাড চাংমাৰ

